পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা ১০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশ আশুতোষ কুমাৰক শপত বাক্য পাঠ কৰোৱাব। কেন্দ্ৰীয় চৰকাৰে যোৱা ১৪ জুলাইত ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল।
Assamese | July 20, 2025 12:52 PM | high court ghy new chief justice
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাইলৈ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ