দেশৰ একাধিক ৰাজ্যত হিউমেন মেটানিউমো ভাইৰাছ-এইচ এম পি ভিত আক্রান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্রালয়ে ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে হিউমেন মেটানিউমো ভাইৰাছ-এইচ এম পি ভি কোনো নতুন ভাইৰাছ নহয় বুলি স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই এই সন্দৰ্ভত এটা ভিডিঅ’ বার্তাত কয়, যে ২০০১ চনতে প্ৰথমবাৰৰ বাবে এই ভাইৰাছবিধ চিনাক্ত কৰা হৈছিল আৰু তেতিয়াৰে পৰা সমগ্ৰ বিশ্বতে কম বেছি পৰিমাণে ইয়াৰ প্ৰাদূৰ্ভাৱ আছে। তেওঁ কয়, যে এইচ এম পি ভি ভাইৰাছ শ্বাস প্ৰশ্বাসৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু যিকোনো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হ’ব পাৰে। দেশৰ স্বাস্থ্য ব্যৱস্থা যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু আছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | January 7, 2025 1:18 PM | Helath ministry
এইচ এম পি ভিত পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্রালয়ৰ ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ