♦ মণিপুৰত কালি বিয়লি অহা ধুমুহা-শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ আৰু সা-সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোক গৃহহীন হৈ পৰে বুলি জানিব পৰা গৈছে। বিষ্ণুপুৰ, নোনী, পূৱ ইম্ফল, পশ্চিম ইম্ফল, আৰু থৌবাল জিলাৰ বিভিন্ন অঞ্চল ধুমুহা-বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ মণিপুৰৰ ৰাজ্যিক পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন সঞ্চালকালয়ৰ তথ্য অনুসৰি, টামেংলং জিলাত দেওবাৰে হোৱা শিলবৰষুণৰ সৰ্বাধিক পৰিমাণ আছিল ২১.৬ মিলিমিটাৰ। ইম্ফল চহৰত সৃষ্টি হোৱা কৃত্রিম বানপানীৰ ফলত স্বাভাৱিক যাতায়াতত যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হয়। অৱশ্যে এই পর্যন্ত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে৷
Assamese | May 6, 2024 12:24 PM | Hailstorm in Manipur | Manipur | Weather
মণিপুৰত ধুমুহা-শিলাবৃষ্টিৰ বিধ্বংসী ৰূপঃ সা-সম্পত্তিৰ ক্ষতিসাধনৰ লগতে বহু লোক গৃহহীন