মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা পুৱাৰ ভাগতে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰে’ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় ১৬ কোটি ৬৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখন উদ্বোধন কৰে। গুৱাহাটী ৰে’ল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিবলগীয়া এই সেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এস্কেলেটৰৰ সুবিধা ৰখা হৈছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৱাহাটীৰ খানাপাৰাত ১২ কোটি টকাৰে নিৰ্মাণ কৰা আন্তঃৰাজ্যিক মিনি বাছ আস্থানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ লগতে আজি এই অনুষ্ঠানতে তেওঁ ৫৬ খন নতুন বৈদ্যুতিক বাছৰো যাত্ৰাৰ শুভাৰম্ভ কৰে।
Assamese | January 1, 2025 9:11 PM | guwahati palton bazar footbridge
গুৱাহাটীৰ পল্টন বজাৰৰ ৰে’ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডত অত্যাধুনিক পদপথ সেতু উদ্বোধন