আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসমীয়া ভাষাৰ সাধাৰণ ঘোষণা তথা শিশু আৰু মহিলা শাখাৰ লগতে হিন্দী, নেপালী, কাৰ্বি, বড়ো, চাহ জনগোষ্ঠীৰ অনুষ্ঠান আৰু পাশ্চাত্য সংগীত শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০ৰ পৰা ৫০ বছৰ বয়সৰ স্নাতক ডিগ্রীধাৰী প্রার্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। প্রার্থী গুৱাহাটী পৌৰ এলেকাৰ বাসিন্দা হ’ব লাগিব। আগ্রহীসকলে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR GUWAHATI-ৰ পৰা আবেদন প্ৰ-পত্র ডাউনল’ড কৰি অথবা আকাশবাণী গুৱাহাটীৰ সমন্বয় শাখাৰ পৰা আবেদন প্ৰ-পত্র সংগ্রহ কৰি যাৱতীয় নথিৰ সৈতে অহা ৪ অক্টোবৰৰ ভিতৰত জমা দিব লাগিব। প্রার্থীসকলক লিখিত পৰীক্ষা, কণ্ঠস্বৰ পৰীক্ষা আৰু সাক্ষাতকাৰৰ জৰিয়তে নির্বাচন কৰা হ’ব।
Assamese | September 20, 2024 1:14 PM | akashvani requitment | Guwahati
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভিন্ন শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আৱেদন আহ্বান