গুৱাহাটীত অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম মল্লযুঁজ সন্থাৰ আজি গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কাৰ্যালয়ত অনুষ্ঠিত কার্য নির্বাহক সভাত এই বিষয়ে প্ৰকাশ কৰা হয়। এই সভাতে অসমৰ খেলুৱৈসকলৰ উন্নত প্ৰশিক্ষণ তথা উদীয়মান মল্লযুঁজাৰুসকলৰ ক্ৰীড়া প্রতিভা বিকাশৰ বাবে কেইবাটাও সিদ্ধান্ত লোৱা হয়। আজিৰ সভাত অসম অলিম্পিক সন্থাৰ নৱ-নিৰ্বাচিত সম্পাদক লক্ষ্য কোঁৱৰক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
Assamese | October 2, 2024 8:25 PM | Guwahati
অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্রতিযোগিতাৰ আয়োজন