অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰে। তেওঁ বিদায়ী সভাপতি ভূপেন বৰাই দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে। অনুষ্ঠানত শ্ৰী বৰাই তেওঁ সভাপতি হৈ থকাৰ সময়ত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জনায়। গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ লোৱাৰ পূৰ্বে আজি পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা কৰে। দলীয় কৰ্মীসকলে গায়ন-বায়নেৰে গগৈক ৰাজীৱ ভৱনলৈ আদৰি আনে।
Assamese | June 3, 2025 1:42 PM | Gurav gogoi
আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ গৌৰৱ গগৈৰ