গোৱালপাৰা জিলাত খেলৰ পৰিৱেশ গঢ়ি তুলি খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। খেলুৱৈসকলে যাতে জিলাখনকৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে সেই উদ্দেশ্যে আগত ৰাখি ৪১ গৰাকী মহিলা ফুটবল খেলুৱৈক কালি জিলা আয়ুক্তগৰাকীয়ে বুট জোতা প্ৰদান কৰে। কল্যাণপুৰ হাইস্কুল খেলপথাৰত উপস্থিত হৈ সামগ্ৰীখিনি প্ৰদান কৰাৰ লগতে অনাগত দিনত প্ৰয়োজন সাপেক্ষে যিকোনো ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ তেওঁ আশ্বাস দিয়ে। গোৱালপাৰা জিলাৰ পৰিষদৰ সভাপতি মহন্ত ৰাভাই আয়ুক্তগৰাকীৰ এই পদক্ষেপৰ শলাগ লয়।
Assamese | January 9, 2026 12:21 PM | goalpara dc
গোৱালপাৰা জিলাত খেলৰ পৰিৱেশ গঢ়ি তুলি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ বিশেষ পদক্ষেপ