G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। শ্ল’ভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিক’ৱে প্ৰধানমন্ত্ৰী মোদীক ব্রাটিশাভাত বিদায় সম্ভাষণ জনায় ৷ ফ্ৰান্সত উপস্থিত হোৱাৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব ৷
এই সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, সহযোগী দেশসমহূৰ নেতৃবৃন্দ আৰু বিশ্ব বেংক তথা আফ্রিকান উন্নয়ন বেংকৰ প্ৰতিনিধিবর্গৰ সৈতে নতুন সহযোগিতা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ বিকাশ শীৰ্ষক এখন কর্মশালাত অংশ ল’ব ।
সন্মিলনৰ আপাহতে শ্ৰী মোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। উল্লেখযোগ্য যে, চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলেথাৰিয়ে সপ্তমবাৰৰ বাবে জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে।