পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে আজিৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন কৰিছে। মন্ত্ৰী কেশৱ মহন্তই অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত পথ সুৰক্ষা সপ্তাহৰ সজাগতামূলক বাইক সমদল মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত অংশ লৈ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান-বাহন আইন মানি চলিবলৈ সকলোৰে প্ৰতি তেওঁ আহ্বান জনাইছে। সকলো চালককে বাহনৰ গতিৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে যান-বাহন আইন মানি চলা, সুৰক্ষাৰ বাবে ছিটবেল্ট তথা হেলমেট পৰিধান কৰা আৰু সুৰাপান কৰি গাড়ী নচলাবলৈ পৰিবহণ বিভাগে আহ্বান জনাইছে।
Assamese | October 7, 2024 6:47 PM | flagged off the Road Safety Week awareness bike rally at AASC in Guwahati.
পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে পৰিবহণ বিভাগৰ আজিৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন