November 6, 2025 6:57 PM | farry service

printer

আজিৰেপৰা ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ

ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখা হ‘ব। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে‘টবে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বিকল্প হিচাপে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আজিৰেপৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচল কৰিব। ইপিনে, মাছখোৱাৰ লাচিত ঘাটত হ‘বলগীয়া ভাৰতীয় বায়ু সেনা দিৱসৰ ফ্লাই পাষ্টৰ বাবে ৮ আৰু ৯ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক এইচ বি ৰোড, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত ৮ আৰু ৯ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি দিয়া নহ‘ব। সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। বায়ু সেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতিপত্ৰ থকা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ সেই অঞ্চলত চলাচল কৰিব নোৱাৰিব। খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো ছিটি বাছ জি এছ ৰোড, এ টি ৰোড, আঠগাওঁ হৈ গৈ পাণবজাৰৰ আৰ বি আই হৈ ঘুৰিব নোৱাৰিব। ছিটিবাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ‘ব। এইচ বি ৰোডত দুয়োপিনে যান-বাহন চলাচল কৰিব পাৰিব।