চৰকাৰে জানিবলৈ দিছে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিত প্রায় ১৮ লাখ নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে। কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ আজি জাৰি কৰা বিশেষ তথ্য অনুসৰি কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহত এই আঁচনিৰ অধীনলৈ ২৭ হাজাৰ ৮০৫ নতুন প্রতিষ্ঠানক অনা হৈছে। এইবুলি জানিবলৈ দিছে যে জানুৱাৰী মাহত অন্তৰ্ভুক্ত হোৱা মুঠ ১৮ লাখ ১৯ হাজাৰ কৰ্মচাৰীৰ ভিতৰত ২৫ বছৰ অনূৰ্ধ্ব প্রায় ৮ লাখ ৭৮ হাজাৰ কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে।
Assamese | March 24, 2025 9:08 PM | 28K Firms Added | ESIC Enrolls 18 Lakh New Employees in January
চলিত বৰ্ষৰ জানুৱাৰী মাহত কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিত প্রায় ১৮ লাখ নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত