নর্থ ইষ্ট ইউনাইটেড এফ চি এইবাৰৰ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। নৰ্থ ইষ্ট এফ চিয়ে আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় সেনাৰ ফুটবল দলক ২-০ গ’লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধত কোনো এটা দলে গ’ল দিব পৰা নাছিল যদিও বল অধিক সময় নৰ্থ ইষ্ট দলৰ খেলুৱৈৰ অধীনত আছিল। নর্থ ইষ্ট দলে খেলৰ দ্বিতীয়ার্ধত খেলৰ ৰণকৌশল সলনি কৰি অধিক আক্রমনাত্মক খেল প্ৰদৰ্শন কৰে আৰু নেষ্টৰে ৫২ মিনিটত দলটোৰ হৈ প্ৰথমটো গ’ল দিয়ে। গুলের্মোৱে ৭৩ মিনিটত দ্বিতীয়টো গ’ল দি অগ্রগতি ২-০ লৈ বৃদ্ধি কৰে।
Assamese | August 21, 2024 8:35 PM | durand cup kokrajhar semi filnal
ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি