August 21, 2024 8:35 PM

views 37

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি

নর্থ ইষ্ট ইউনাইটেড এফ চি এইবাৰৰ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। নৰ্থ ইষ্ট এফ চিয়ে আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় সেনাৰ ফুটবল দলক ২-০ গ’লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধত কোনো এটা দলে গ’ল দিব পৰা নাছিল যদিও বল অধিক সময় নৰ্থ ইষ্ট দলৰ খেলুৱৈৰ অধীনত আছিল। নর্থ ইষ্ট দলে খেলৰ দ্বিতীয়ার্ধত খেলৰ ৰণকৌশল সলনি কৰি অধিক আক্রমনাত্মক খেল প্ৰদৰ্শন কৰে আৰু নেষ্টৰে ৫২ মিনিটত দলটোৰ হৈ প্ৰথমটো গ’ল দিয়ে। গুলের্মোৱে ৭৩ ...