বশিষ্ঠ আৰক্ষীয়ে আজি মহানগৰীৰ সাউকুছিত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় দ্রব্যসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষী দলটোৱে হাইলাকান্দিৰ আলগাপুৰৰ চাজিদা বেগম নামৰ মহিলাগৰাকীৰ পৰা ৪টা চাবোনৰ বাকচ আৰু ১৩টা প্লাষ্টিকৰ পেকেটত ২৭৮ দশমিক ৩-৮ গ্রাম হেৰ’ইন জব্দ কৰে। জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্রায় ২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। লগতে মহিলাগৰাকীৰ পৰা ১ লাখ ৪৯ হাজাৰ ৫০০ টকা আৰু এটা মোবাইল ফোন জব্দ হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মহানগৰীৰ দাতালপাৰাৰ ভাৰাঘৰত থাকিয়ে মহিলাগৰাকীয়ে নিচাজাতীয় দ্ৰব্যৰ বেহা চলাই আহিছিল। মহিলাগৰাকী ভাৰাঘৰৰ পৰা আৰক্ষীয়ে এহেজাৰ ৮০০ টা খালী টেমা আৰু ১০০টা খালী চাবোনৰ বাকচ উদ্ধাৰ কৰিছে।
Assamese | April 19, 2025 8:01 PM | drugs seized arrest woman ghy
গুৱাহাটীৰ সাউকুছিত বুজন পৰিমাণৰ নিচাজাতীয় দ্রব্যসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ