গুৱাহাটীৰ ১০ টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে অহা ১ আৰু ২ জুনত খোৱাপানী যোগান বন্ধ থাকিব। গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তি, ৰিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বি বৰুৱা ৰোড, কাছাৰী বস্তি আৰু ইছলামপুৰত খোৱাপানীৰ যোগান বন্ধ থাকিব।
Assamese | May 31, 2024 7:47 PM | AIR GUWAHATI | Drinking water | Guwahati | Guwahati City
গুৱাহাটীৰ ১০ টা স্থানত ১ আৰু ২ জুনত খোৱাপানী যোগান বন্ধ থাকিব