গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা ৭ ছেপ্তেম্বৰলৈ ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ‘ব। ৰাজ্যখনৰ এটা নাট্যদল আঁক – এ ক্ৰিয়েটিভ লাইনৰ হৈ ড° মৃণালজ্যোতি গোস্বামীৰ তত্বাৱধানত এই মহোৎসৱ অনুষ্ঠিত কৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত উদ্যোক্তাসকলে কৰা ঘোষণা অনুসৰি এই মহোৎসৱত আমেৰিকা, পোলেণ্ড, শ্রীলংকা, অস্ট্রেলিয়া, ফ্রান্স, টিউনিচিয়া আৰু ভাৰতৰ কেইবাটাও নাট্যদলৰ দ্বাৰা কেইবাখনো নাট মঞ্চস্থ কৰা হ‘ব। কাইলৈ সন্ধিয়া কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱ দেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত শ্ৰীলংকাৰ নাট্যকর্মী এম ছফিৰে অংশগ্ৰহণ কৰিব ।
Assamese | September 2, 2024 7:55 PM | Drama festival
কাইলৈৰ পৰা ৭ ছেপ্তেম্বৰলৈ ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ