আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মেক্সিকো আৰু কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছে। শ্রী ট্রাম্পে কয়, যে এই আমদানি শুল্কই দেশ দুখনৰ পৰা আমেৰিকালৈ অনা অবৈধ নিচাযুক্ত সামগ্ৰী আৰু দেশ দুখনৰ পৰা আমেৰিকাত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰী ৰোধ কৰাতো ভূমিকা ল‘ব। কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডো আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া ছেইনবামে আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীতো আমদানি শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।
Assamese | March 4, 2025 6:14 PM | Donal trump
মেক্সিকো আৰু কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীত ২৫ শতাংশ শুল্ক ঘোষণা ডনাল্ড ট্রাম্পৰ