January 19, 2026 8:04 PM

views 60

ৰাষ্ট্ৰপতি ট্রাম্পে গ্রীণলেণ্ডত একীকৃত দেশসমূহৰ বিৰুদ্ধে লগোৱা কৰ আপত্তিজনক আৰু বাণিজ্যিকভাৱে আৰম্ভ হ’বলগীয়া যুদ্ধকেন্দ্ৰিক পৰিস্থিতি কাৰোৰে বাবে গ্রহণযোগ্য নহয়ঃ ব্ৰিটিছ প্ৰধানমন্ত্রী কীৰ ষ্টাৰৰ্মাৰ

ব্ৰিটিছ প্ৰধানমন্ত্রী কীৰ ষ্টাৰৰ্মাৰে আজি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে গ্রীণলেণ্ডত একীকৃত দেশসমূহৰ বিৰুদ্ধে লগোৱা কৰ আপত্তিজনক আৰু বাণিজ্যিকভাৱে আৰম্ভ হ'বলগীয়া যুদ্ধকেন্দ্ৰিক পৰিস্থিতি কাৰোৰে বাবে গ্রহণযোগ্য নহয়। আজি লণ্ডনত আয়োজিত এখন সংবাদ মেলত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে সুমেৰুৰ দ্বীপসমূহৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবৰ বাবে ব্রিটেইনে সকলো ধৰণেৰে গ্ৰীণলেণ্ড আৰু ডেনমাৰ্কৰ মৌলিক অধিকাৰসমূহৰ প্ৰতি সহযোগিতা আগবঢ়াব। তেওঁ লগতে কয় যে ব্ৰিটেইনে ইউৰোপ, নেটো আৰু আমেৰিকা যুক্তৰা...

November 2, 2025 10:59 AM

views 78

নাইজেৰিয়াৰ বিৰুদ্ধে সাম্ভাব্য সামৰিক ব্যৱস্থাৰ বাবে সাজু হৈ থাকিবলৈ যুদ্ধ বিভাগক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নির্দেশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে নাইজেৰিয়াৰ বিৰুদ্ধে সাম্ভাব্য সামৰিক ব্যৱস্থাৰ বাবে সাজু হৈ থাকিবলৈ যুদ্ধ বিভাগক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ট্রাম্পে কয়, যে যদিহে নাইজেৰিয়াই খ্রীষ্টধর্মী লোকসকলৰ হত্যাৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণত ব্যর্থ হয়, তেন্তে আমেৰিকাই শীঘ্ৰে দেশখনলৈ সকলো ধৰণৰ সাহায্য বন্ধ কৰি দিব। আন্তঃৰাষ্ট্ৰীয় ধর্মীয় স্বাধীনতা আইনৰ অধীনত আমেৰিকাই নাইজেৰিয়াক বিশেষ উদ্বেগৰ দেশ হিচাপে ঘোষণা কৰাৰ পাছতে শ্রী ট্রাম্পে এই নির্দেশ দিয়ে।

October 14, 2025 11:40 AM

views 81

প্ৰধানমন্ত্ৰী মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

● ইজিপ্তত অনুষ্ঠিত ধর্ম-অল-শ্বেখ শীৰ্ষ সন্মিলনত দিয়া ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতক এখন মহান দেশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীক বন্ধুৰ তালিকাত শীৰ্ষত থকা বুলি মন্তব্য কৰে। ট্রাম্পে কয়, যে প্রধানমন্ত্রী মোদীয়ে অভূতপূর্ব কাম কৰি দেখুৱাইছে। ৰাষ্ট্ৰপতি শ্ৰীটাম্পে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক সন্দৰ্ভত কয়, যে দুয়োখন দেশে মিলাপ্ৰীতিৰে থাকিব বুলি আশা ব্যক্ত কৰে। গাজাত ইজৰাইল আৰ...

August 1, 2025 8:56 PM

views 43

ভাৰত আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য-ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আৰোপ কৰা শুল্ক বিষয়ক এখন কাৰ্যকৰী নিৰ্দেশনাত ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি ভাৰত আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য-ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আৰোপ কৰা শুল্ক বিষয়ক এখন কাৰ্যকৰী নিৰ্দেশনাত স্বাক্ষৰ কৰিছে। ট্রাম্পৰ এই নিৰ্দেশনাত পাৰস্পৰিক শুল্কৰ হাৰ উন্নীতকৰণ হিচাপে নামাকৰণ কৰা হৈছে। অহা ৭ আগষ্টৰ পৰা ৪১ শতাংশ হাৰ বৃদ্ধিৰে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই শুল্কনীতি হৈছে অনৈতিক বাণিজ্য ঘাটি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বুলি কৰা ডনাল্ড ট্রাম্পৰ ঘোষণাৰ অংশবিশেষ। চিৰিয়াৰ ক্ষেত্ৰত ৪১ শতাংশ, লাওচ আৰু ম্যানমাৰৰ ক্ষেত্ৰত ...

May 26, 2025 9:25 PM

views 58

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'দিমিৰ জেলেনেস্কিৰ ভূমিকাক সমালোচনা কৰি তেওঁ কয়, যে দুয়োখন দেশে সংযম ৰক্ষা কৰি চলিলে নিৰিহ জনতাৰ প্ৰাণ ৰক্ষা পৰিব। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাছিয়াই ইউক্রেইনৰ ওপৰত ক্ৰমাগতভাৱে আক্ৰমণ চলোৱাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে। ৰাছিয়াৰ শেহতীয়া আক্ৰমণত ইউক্রেইনত শিশু-মহিলাসহ বহু লোকৰ মৃত্যু হোৱাৰ...

April 10, 2025 8:24 PM

views 80

শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাট বিচৰা নাই বুলি প্ৰকাশ

শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাট বিচৰা নাই বুলি প্ৰকাশ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র লিন জিয়ানে কয়, যে চীন ক্ষান্ত নাথাকিব। জনসাধাৰণৰ বৈধ অধিকাৰ খৰ্ব হবলৈ দিয়া নহব বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্ৰতিশুল্ক ব্যৱস্থা ৯০ দিনৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰাৰ পাছতে তেওঁ এই মন্তব্য কৰে। উল্লেখযোগ্য যে চীনৰ বাবে শুল্কৰ হাৰ ততালিকে কাৰ্যকৰী হোৱাকৈ ১২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

April 7, 2025 8:06 PM

views 75

বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে নিম্নগামী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ প্ৰতি – শুল্ক আৰোপৰ সিদ্ধান্ত আৰু ৰাষ্ট্ৰসমূহে বৃহৎ পৰিমাণৰ শুল্ক ভৰিব লাগিব বুলি ট্রাম্পে আজি কৰা ঘোষণাৰ ফলত বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে তললৈ নামে। ইউৰোপ আৰু এছিয়াৰ ষ্টক বজাৰৰ এই মণ্ডাৱস্থাৰ প্ৰভাৱ ভাৰতীয় বজাৰতো বাৰুকৈ পৰে। বম্বে ষ্টক এক্সছেঞ্জৰ সংবেদী সূচাংক এটা সময়ত ৪ হাজাৰ পইণ্ট নিম্নগামী হয় আৰু ষ্টক বজাৰ বন্ধ হোৱাৰ সময়ত এই সূচাংক দুহেজাৰ ২২৭ পইণ্ট নিম্নগামী হৈ থাকে। ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ নিফটীও ৫০ পইণ্ট নিম্নগামী হয়। দেশৰ বৃহৎ...

March 4, 2025 6:14 PM

views 60

মেক্সিকো আৰু কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীত ২৫ শতাংশ শুল্ক ঘোষণা ডনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মেক্সিকো আৰু কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছে। শ্রী ট্রাম্পে কয়, যে এই আমদানি শুল্কই দেশ দুখনৰ পৰা আমেৰিকালৈ অনা অবৈধ নিচাযুক্ত সামগ্ৰী আৰু দেশ দুখনৰ পৰা আমেৰিকাত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰী ৰোধ কৰাতো ভূমিকা ল'ব। কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডো আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া ছেইনবামে আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীতো আমদানি শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।