আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে নাইজেৰিয়াৰ বিৰুদ্ধে সাম্ভাব্য সামৰিক ব্যৱস্থাৰ বাবে সাজু হৈ থাকিবলৈ যুদ্ধ বিভাগক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ট্রাম্পে কয়, যে যদিহে নাইজেৰিয়াই খ্রীষ্টধর্মী লোকসকলৰ হত্যাৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণত ব্যর্থ হয়, তেন্তে আমেৰিকাই শীঘ্ৰে দেশখনলৈ সকলো ধৰণৰ সাহায্য বন্ধ কৰি দিব। আন্তঃৰাষ্ট্ৰীয় ধর্মীয় স্বাধীনতা আইনৰ অধীনত আমেৰিকাই নাইজেৰিয়াক বিশেষ উদ্বেগৰ দেশ হিচাপে ঘোষণা কৰাৰ পাছতে শ্রী ট্রাম্পে এই নির্দেশ দিয়ে।
Assamese | November 2, 2025 10:59 AM | Donal trump | USA President
নাইজেৰিয়াৰ বিৰুদ্ধে সাম্ভাব্য সামৰিক ব্যৱস্থাৰ বাবে সাজু হৈ থাকিবলৈ যুদ্ধ বিভাগক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নির্দেশ