ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বৃহৎ বান্ধ নিৰ্মাণ কৰা বিষয়ত কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। গুৱাহাটীত কালি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে এই বান্ধক লৈ তেওঁ শংকিত নহয় বুলি উল্লেখ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ ফলত অসমত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে এতিয়াই ক’ব পৰা নাযায় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিষয়টো সন্দৰ্ভত বিশেষজ্ঞসকলে দুই ধৰণৰ মত পোষণ কৰিছে বুলি তেওঁ মন্তব্য কৰে। ইতিবাচক মত অনুসৰি চীনৰ বান্ধৰ ফলত অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ সম্ভাৱনা আছে। আনটো মত অনুসৰি এই বান্ধে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে ৷ উল্লেখযোগ্য যে যোৱা শনিবাৰে চীনৰ প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ইয়াৰ দ্বাৰা পাঁচটা জলবিদ্যুৎ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। কমেও ৩০ কোটি লোকৰ বাৰ্ষিক বিদ্যুতৰ চাহিদা পূৰণ কৰিব পৰাকৈ প্ৰতিবছৰে ৩০০ বিলিয়ন ইউনিট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰি এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব। ভূতাত্বিকভাৱে স্পৰ্শকাতৰ অঞ্চলত এই বান্ধৰ ফলত অসম আৰু বাংলাদেশত বিৰূপ পৰিস্থিতি উদ্ভৱ হ’ব পাৰে বুলি পৰিৱেশবিদসকলে আশংকা কৰিছে।
Assamese | July 22, 2025 1:29 PM | cm on china dam brahmaputra
ব্ৰহ্মপুত্ৰত চীনে বৃহৎ বান্ধ নিৰ্মাণ কৰা বিষয়ত কেন্দ্ৰীয় চৰকাৰে দেশখনৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ