মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰহিলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা ভ্ৰমণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আযুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু স্বানীয় বিধেয়ক মানৱ ডেকাৰ লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্রমণ কৰিবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মুখ্যমন্ত্রী ড০ শর্মাই ৩০ অক্টোৱৰ বিয়লি জিলাখনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটা প্রতিমূর্তি উন্মোচন কৰিব। ভ্ৰমণৰ অংশ হিচাপে তেওঁ ৩১ অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেছিয়েলিটি হাস্পতাল আৰু নাৰ্চিং কলেজৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ড০ শৰ্মাই লগতে লখিমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰিব।
Assamese | October 28, 2025 7:07 PM | cm lakhimpur
পৰহিলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রীৰ লখিমপুৰ জিলা ভ্ৰমণ