আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্রস্তুতি অব্যাহত

অহা ২১ জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্রস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হবলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই অংশগ্রহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্রমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ লব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্রস্তুতি চালি জাৰি চোৱা হয়।