June 16, 2026 4:13 PM

views 19

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্রস্তুতি অব্যাহত

অহা ২১ জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্রস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হবলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই অংশগ্রহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্রমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ লব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্রস্তুতি চালি জাৰি চোৱা হয়।

June 18, 2024 12:26 PM

views 39

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে- নিজৰ লগতে সমাজৰ বাবে যোগ। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম।

June 17, 2024 8:58 PM

views 46

ৰাজ্যজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে- নিজৰ লগতে সমাজৰ বাবে যোগ। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিবিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম।