প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰ সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধর্মীয় লোকসকলক নির্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে, প্রতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অঞ্চলটোত দিনে-নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি সীমান্ত অঞ্চলত থামেল কেমেৰা, নাইট ভিজন কেমেৰা আৰু চিচি টিভিৰ সহায়ত ২৪ ঘণ্টাই নিৰীক্ষণ কৰা হৈছে। একেদৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্ত অঞ্চলতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
Assamese | December 22, 2025 1:16 PM | cm bangladeah
বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা