চিংফৌ সমাজৰ মুৰব্বী তিনিচুকীয়া জিলাৰ লিডু বিছাগাঁও নিবাসী বিছাৰজা বিছানং চিংফৌৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। বিছাৰজা বিছানং চিংফৌৰ মৃত্যু চিংফৌ জনগোষ্ঠীৰ লগতে অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে চিংফৌ জনগোষ্ঠীৰ বাবে বিছানং চিংফৌৱে আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে। উল্লেখযোগ্য যে কালি নিশা বিছানং চিংফৌৰ ৭৬ বছৰ বয়সত বিছাগাঁৱৰ নিজা বাসগৃহত মৃত্যু হয়।
Assamese | January 16, 2025 6:54 PM | chingphau raja bisanang chingphau
বিছাৰজা বিছানং চিংফৌৰ মৃত্যু; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোকপ্ৰকাশ