কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা উপলক্ষে অহা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ’ব। চৰাইদেউ জিলাতো বিভিন্ন কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ বিভিন্ন দিশ আৰু প্ৰস্তুতি সম্পর্কে আলোচনা কৰাৰ বাবে আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰে। তেওঁ জিলাবাসীক ধ্রুপদী ভাষাৰ স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে শিক্ষানুষ্ঠান, সামাজিক, সাংস্কৃতিক আৰু জাতীয় সংগঠনৰ লগতে ছাত্র সংগঠনসমূহক বিভিন্ন কার্যসূচী আয়োজন কৰিবলৈ আহ্বান জনায়।
Assamese | October 30, 2024 8:24 PM | charaideu meeting dc
চৰাইদেউত ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ সভা