কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে হাউলীৰ পৰা বৰপেটা, মুকালমুৱা, হাজো হৈ আমিনগাঁৱলৈকে ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত অনুমোদন জনাইছে। এই পথছোৱা নিৰ্মাণৰ বাবে শীঘ্ৰেই নিবিদা জাৰি কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই পথছোৱা উন্নীতকৰণৰ ফলত বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰা লোকসকলৰ যাতায়াত সুচল হ’ব। মুখ্যমন্ত্রীয়ে কেন্দ্রীয় বিভাগীয় মন্ত্ৰী নীতিন গাডকাৰীক এই পথছোৱা নিৰ্মাণৰ বিষয়টো দ্ৰুতগতিত নিষ্পত্তি কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।
Assamese | January 25, 2025 6:40 PM | Central Govt.
৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত কেন্দ্ৰৰ অনুমোদন