খেল

August 31, 2025 10:56 AM

views 14

ভাৰতৰ ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ৫০ টা সোণৰ পদক দখলেৰে ঐতিহাসিক সাফল্য অর্জন

কাজাখস্তানৰ ছিমকণ্ডত অনুষ্ঠিত ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতে ৫০ টা সোণৰ পদকেৰে প্রতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শীর্ষ স্থান দখল কৰি ঐতিহাসিক সাফল্য অর্জন কৰিছে। ভাৰতে প্ৰতিযোগিতাত ২৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জসহ মুঠ ৯৯ টা পদক লাভ কৰিছে। কাজাখস্তান পদক তালিকাৰ দ্বিতীয় আৰু চীন তৃতীয় স্থান...

August 30, 2025 11:10 AM

views 45

চীনৰ চিনজিয়াঙত অনুষ্ঠিত তৃতীয় বেল্ট এণ্ড ৰোড আন্তঃৰাষ্ট্ৰীয় যুৱ বক্সিং গালাত ভাৰতৰ জুনিয়ৰ বক্সাৰৰ সফলতা

চীনৰ চিনজিয়াঙত অনুষ্ঠিত ১৭, ১৯ আৰু ২৩ বছৰ অনুর্ধ তৃতীয় বেল্ট এণ্ড ৰোড আন্তঃৰাষ্ট্ৰীয় যুৱ বক্সিং গালাত ভাৰতৰ জুনিয়ৰ বক্সাৰসকলে ৭টা সোণ, ৭টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৬টা পদক লাভ কৰিছে। ছোৱালীৰ দলে ফাইনেলত ৫টা সোণ, ৫টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। একেদৰে ল'ৰাৰ দলে দুটা সোণ, দুটা ৰূপ আৰ...

August 29, 2025 8:08 PM

views 43

এচিয়া কাপ হকী প্রতিযোগিতাত চীনৰ বিৰুদ্ধে ভাৰতৰ ৪-৩ গ’লত জয়লাভ

এচিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে আজি নিজৰ প্ৰথমখন খেলত চীনক ৪-৩ গ'লত পৰাস্ত কৰে। ভাৰতীয় দলৰ অধিনায়ক হৰমন প্রীত সিঙৰ হেট্ৰিক গ'ল আৰু যুগৰাজ সিঙৰ এটা গ'লেৰে খেলখনত ভাৰতে আধিপত্য বিস্তাৰ কৰে। চীনৰ হৈ দ্যু চিহাওৱে একমাত্ৰ গ'লটো কৰে। উল্লেখযোগ্য যে অহা বছৰ বেলজিয়ামত হবলগীয়া হকী বিশ্বকাপলৈ যোগ্যতা অৰ...

August 29, 2025 1:52 PM

views 58

কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত

■ আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্ৰকল্পত চলি থকা কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত আছে। অসমৰ হৈ কালি বেদৱত ভঁৰালীয়ে প্ৰতিযোগিতাত তিনিটাকৈ নতুন অভিলেখ স্থাপন কৰি ল'ৰাৰ জুনিয়ৰৰ ৭৯ কিলোগ্রাম ওজন শাখাত স্বৰ্ণপদক হস্তগত কৰে। বেদব্ৰতে চে শিতানত ১৪৫ কিলোগ্ৰাম আৰু ক...

August 29, 2025 1:47 PM

views 62

গুৱাহাটীৰ বেতকুছি হাইস্কুলে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ সুব্রত কাপ ফুটবল প্রতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন

■ গুৱাহাটীৰ বেতকুছি হাইস্কুলে ৰাজ্যৰ প্ৰথমটো দল হিচাপে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। বেতকুছি হাইস্কুলে কালি নতুন দিল্লীৰ ড° আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ নন্দঝাৰ আদিবাসী তপশিলি হাইস্কুলক ৩-১ গ’লত ...

August 29, 2025 1:36 PM

views 70

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আয়োজন কৰা হৈছে। কামৰূপ জিলাত আজিৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হ'ব। আজি পুৱা শুৱ...

August 28, 2025 9:20 PM

views 41

বিশ্ব পেৰা এথলেটিকছৰ ভাৰতীয় দল ঘোষণা

বিশ্ব পেৰা এথলেটিকছ প্রতিযোগিতাৰ বাবে ভাৰতীয় দলটো কালি ঘোষণা কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা ২৭ ছেপ্তেম্বৰৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১৯ গৰাকী মহিলা খেলুৱৈ থকা ৭৩ জনীয়া ভাৰতীয় দলটোক জেভলিন তাৰকা খেলুৱৈ সুমিত অন্তিলে নেতৃত্ব দিব। দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিয...

August 28, 2025 9:15 PM

views 47

ইউ এছ অপেন টেনিছৰ পুৰুষৰ ছিংগলছত তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচৰ আধিপত্য অব্যাহত

তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাচাৰী স্বাজডাক পোনপটীয়া ছেটত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত আধিপত্য অব্যাহত ৰাখিছে। ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে স্বাজডাক ৬-৩, ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ আন এখন খেলত স্পেইনৰ কাৰ্লোৰ্ছ অস্কাৰাজে...

August 28, 2025 1:09 PM

views 50

কমলৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীৰ সোণৰ পদক অৰ্জন

গুজৰাটৰ আহমেদাবাদত চলি থকা কমলৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত কালি অসমৰ অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰি এই প্ৰতিযোগিতাত ৰাজ্যখনৰ খেলুৱৈৰ সোণৰ পদকৰ সংখ্যা ৪ লৈ বৃদ্ধি কৰিলে। ল'ৰাৰ যুৱ শাখাৰ ৭১ কিলোগ্ৰামত অভিনৱ গগৈয়ে তিনিটাকৈ নতুন অভিলেখ গঢ়ি শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰে। তেওঁ স্লেটছত ১২৩ ...

August 28, 2025 12:19 PM

views 48

১৭ বছৰ অনূর্ধ মহিলাৰ ছাফ ফুটবল চেম্পিয়নশ্বিপত ভাৰতৰ দমনীয় প্রদর্শন অব্যাহত

ভাৰতে চলিত বৰ্ষৰ ১৭ বছৰ অনূর্ধ মহিলাৰ ছাফ ফুটবল চেম্পিয়নশ্বিপত দমনীয় প্রদর্শন অব্যাহত ৰাখিছে। প্রতিযোগিতাৰ কালি ভূটানৰ থিঙ্কুৰ চাংলিমিথাং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে ঘৰুৱা দলটোক ৫-০ ফলাফলত পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাখনত ভাৰতৰ ক্ৰমাগত চতুর্থ বিজয়। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালি...