খেল

August 23, 2025 8:55 PM

views 40

কাজাখস্তানত অনুষ্ঠিত ষষ্ঠদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জন বাবুটা আৰু এলাবেনিল বালাৰিবনৰ সোণৰ পদক লাভ

কাজাখস্তানৰ ছিমকেণ্টত অনুষ্ঠিত ষষ্ঠদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জন বাবুটা আৰু এলাবেনিল বালাৰিবনে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয় শাখাত সোণৰ পদক লাভ কৰে। ভাৰতৰ দলটোৱে চীনৰ পেং ছিনলু আৰু লু ডিংগকেক ১৭-১১ ফলাফলত পৰাস্ত কৰে।

August 23, 2025 8:53 PM

views 35

কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত ২১ বছৰ অনূৰ্ধ্ব কম্পাউণ্ড শাখাত ভাৰতৰ পুৰুষ দলটোৰ প্ৰথমবাৰৰ বাবে বিশ্ব খিতাপ অৰ্জন

কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপ ২০২৫ত ২১ বছৰ অনূৰ্ধ্ব কম্পাউণ্ড শাখাত ভাৰতৰ পুৰুষ দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্ব খিতাপ অৰ্জন কৰিছে। সোণৰ পদকৰ বাবে অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ কুশল দালাল, মিহিৰ আপাৰ আৰু গণেশ মণিৰত্নমে শ্বুট আউটত জাৰ্মানীক পৰাস্ত কৰে। ১৮ বছৰ অনূৰ্ধ্ব পুৰুষৰ কম্পাউণ্ড...

August 22, 2025 1:01 PM

views 33

বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ অধ্যক্ষ পদত অজয় সিং নির্বাচিত

বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াই ইয়াৰ অধ্যক্ষ পদত অজয় সিং নির্বাচিত হোৱাৰ পিছত বিভিন্ন পদৰ বাবে অনুষ্ঠিত ভোটগ্রহণ প্ৰক্ৰিয়াৰ সামৰণি পেলাইছে। একপক্ষীয় এই ভোট যুদ্ধত শ্রীসিঙে বিৰোধী যশপাল প্রধানে লাভ কৰা ২৬টা ভোটৰ বিপৰীতে ৪০টা ভোট লাভ কৰে। এই নিৰ্বাচনত অংশগ্ৰহণ কৰা ৩৪টা ৰাজ্যিক সংস্থাৰ পৰা ৬৬টা ভোট ল...

August 22, 2025 12:13 PM

views 51

কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত কাইলৈ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল খেল

কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত কাইলৈ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল...

August 21, 2025 5:47 PM

views 47

SINQUEFIELD CUP দবা প্ৰতিযোগিতাত তৃতীয় ৰাউণ্ড অমীমাংসিতভাৱে সমাপ্ত

SINQUEFIELD CUP দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত বিশ্ব চেম্পিয়ন ডি গোকেশ আৰু ৱাইল্ড কার্ডৰ জৰিয়তে অংশগ্ৰহণৰ সুযোগ লাভ কৰা আমেৰিকাৰ ছেমুৱেল ছেবিয়নৰ মাজৰ খেলখন কালি অমীমাংসিতভাৱে সমাপ্ত হয়। ভাৰতৰ আৰ প্রজ্ঞানন্দা আৰু উজবেকিস্তানৰ নোদীৰবেক অব্দুস্তটোৰোভৰ মাজৰ খেলখনো অমীমাংসিতভাৱে সমাপ্ত হয়। প্রজ্ঞান...

August 21, 2025 5:42 PM

views 62

ডুৰাণ্ড কাপৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। খেলখন কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত খেলোৱা হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিত...

August 20, 2025 1:29 PM

views 52

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত মনু ভাকেৰৰ ব্ৰঞ্জৰ পদক লাভ

কাজাখস্তানত চলি থকা এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত মনু ভাকেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। এইবাৰৰ এছিয়ান শ্বুটিং প্রতিযোগিতাত এয়া হৈছে ভাৰতৰ নৱমটো পদক। অৱশ্যে দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতৰ আন দুগৰাকী খেলুৱৈ সুৰুচি সিং আৰু পলকে ফাইনেলত প্ৰৱেশ কৰিবলৈ অসমৰ্থ হয়। মনু ভাকেৰে ২...

August 20, 2025 12:24 PM

views 32

ৰাজ্যৰ চাৰিখন জিলাত আজিৰে পৰা ৩০ আগষ্টলৈ অস্মিতা চিটী বেডমিণ্টন লীগ

অসম বেডমিণ্টন সন্থাই আজিৰে পৰা ৩০ আগষ্টলৈ ৰাজ্যৰ চাৰিখন জিলাত অস্মিতা চিটী বেডমিণ্টন লীগৰ আয়োজন কৰিছে। সন্থাৰ সম্পাদক ওমৰ ৰছিদে কালি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে। প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত খেলোৱা হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰ্যালয়ে দেশ...

August 20, 2025 12:22 PM

views 30

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ'বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত টেষ্ট অধিনায়ক শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় টি টুৱেণ্টী দলৰ ...

August 20, 2025 12:21 PM

views 31

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি

যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে কালি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্রথমখন ছেমিফাইনেলত শ্বিলং লাজং এফ চিক ১-০ গ’লত পৰাস্ত কৰে। নৰ্থ ইষ্টৰ হৈ ৰিদিম লাঙে বিজয়সূচক গ’লটো দিয়ে।