ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে দক্ষিণ আফ্রিকাক জয়ৰ বাবে ৩৫০ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৩৪৯ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বিৰাট কোহলীয়ে সর্বাধিক ১৩৫ ৰাণ কৰে। কে এল ৰাহুলে ৬০ আৰু ৰোহিত শৰ্মাই ৫৭ ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জেনছেন, নান্ডে বার্গাৰ, কবিন বস্তু আৰু অটনিল বার্টমেনে দুটাকৈ উইকেট লাভ কৰে। আমালৈ বাতৰি অহাৰ পৰলৈকে দক্ষিণ আফ্রিকাই ৩১ অভাৰত ৫টা উইকেট হেৰুৱাই ২১৬ ৰাণ সংগ্ৰহ কৰিছে। ভাৰতৰ হৈ হৰ্ষিত ৰানা দুটা আৰু অৰ্শদীপ সিং, কুলদীপ যাদৱে এটাকৈ উইকেট দখল কৰিছে।
Assamese | November 30, 2025 8:29 PM | India-South Africa one day cricket
ৰাঁচীত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্রিকাক জয়ৰ বাবে ভাৰতৰ ৩৫০ ৰাণৰ লক্ষ্য নির্ধাৰণ