খেল

August 28, 2025 12:17 PM

views 44

ইউ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ন’ভাক জ’ক’ভিচৰ আধিপত্য অব্যাহত

তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাচাৰী স্বাজডাক পোনপটীয়া ছেটত পৰাস্ত কৰি ইউ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত আধিপত্য অব্যাহত ৰাখিছে। ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে স্বাজডাৰ বিৰুদ্ধে ৬-৩, ৬-৩, ৬-১ ফলাফলত বিজয় অৰ্জন কৰে। প্ৰতিযোগিতাত কিছু সময়ৰ পূৰ্বে আৰ্থাৰ এছ ষ্টেডিয়ামত অনুষ্ঠি...

August 28, 2025 12:15 PM

views 46

পি ভি সিন্ধু, আৰু স্বাত্বিক-চিৰাগৰ যুটীটো বি ডব্লিউ এফ ৱৰ্ড চেম্পিয়নশ্বিপছৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ স্বাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৰ লগতে অলিম্পিকত পদক অর্জন কৰা পি ভি সিন্ধুৱে পেৰিচত চলি থকা বি ডব্লিউ এফ ৱৰ্ড চেম্পিয়নশ্বিপছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত নৱম বাছনিপ্ৰাপ্ত ভাৰতীয় যুটীটোৱে কালি চীনা টাইপেইৰ লিউ কুৱাং হেং আৰু ইয়...

August 27, 2025 8:16 PM

views 54

অসম পুৰুষ ক্রিকেট দল আৰু নেপালৰ পুৰুষ এ-দলৰ মাজত কাইলৈৰ পৰা ৫ খন বন্ধুত্বমূলক টি-২০ খেল অনুষ্ঠিত

অসম পুৰুষ ক্রিকেট দল আৰু নেপালৰ পুৰুষ এ-দলৰ মাজত কাইলৈৰ পৰা ৫ খন বন্ধুত্বমূলক টি-২০ খেল অনুষ্ঠিত হ'ব। ১ ছেপ্তেম্বৰলৈকে হ'বলগীয়া খেলকেইখন গুৱাহাটী বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়াম আৰু ফুলুংস্থিত এ চি এ ক্রিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ'ব। এই শৃংখলাটোৱে ভাৰত আৰু নেপালৰ মাজত থকা ক্রীড়া সহযোগিতা সুদৃঢ় ...

August 27, 2025 12:13 PM

views 38

ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ইগা ছিয়াটেকৰ জয়লাভ

বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ইগা ছিয়াটেকে এমিলিয়ানা আৰাংগোক ৬-১, ৬-২ ফলাফলত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। নিউয়র্কত কালি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ খেলখনত ইগা ছিয়াটেকে প্রতিপক্ষ খেলুৱৈগৰাকীক এঘণ্টাৰ যুঁজতে পৰাস্ত কৰে। ইয়াৰ সুবাদত খেল...

August 26, 2025 1:05 PM

views 45

চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্রতিযোগিতাৰ ট্ৰফী উন্মোচন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই কালি নতুন দিল্লীত চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্রতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে। অহা ২৯ আগষ্টৰ পৰা এই প্ৰতিযোগিতাৰ খেলসমূহ আৰম্ভ হ'ব আৰু ৭ ছেপ্তেম্বৰত ইয়াৰ সামৰণি পৰিব।

August 25, 2025 8:46 PM

views 28

আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাৰ যুৱ শাখাত অসমৰ ধৰ্মজ্যোতি দেউঘৰীয়াৰ সোণৰ পদক

গুজৰাটৰ আহমেদাবাদত আজিৰে পৰা আৰম্ভ হোৱা কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাৰ যুৱ শাখাত ৰাজ্যৰ প্ৰতিভাৱান ভাৰোত্তোলক ধৰ্মজ্যোতি দেউঘৰীয়াই সোণৰ পদক অৰ্জন কৰিছে। যুৱ শাখাৰ ৫৬ কিলোগ্রাম শিতানত ধৰ্মজ্যোতিয়ে স্নেটচত ৯৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১২৭ কিলোগ্ৰামেৰে মুঠ ২২৪ কিলোগ্ৰাম ভাৰোত্তোলন কৰি সোণৰ পদক...

August 25, 2025 10:42 AM

views 47

কমনৱেল্থ ভাৰোত্তোলনত ল’ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রামত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ’ব

■ আহমেদাবাদত অনুষ্ঠিত কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত আজি ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রাম শাখাত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ'ব। কালি আৰম্ভ হোৱা প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ ৫ গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অংশ লৈছে। প্রতিযোগিতাৰ ৫৮ কিলোগ্রাম শাখাত ভাবনা গগৈ, ৭১ কিলোগ্রাম শাখাত হেমন্ত দৈমাৰী আৰু...

August 24, 2025 8:48 PM

views 48

আহমেদাবাদত কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী খেলুৱৈৰ অংশগ্ৰহণ

আহমেদাবাদত আজি আৰম্ভ হোৱা কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী প্ৰতিভাবান খেলুৱৈয়ে অংশ লৈছে। কাইলৈ ধৰ্মজ্যোতি দেওঘৰীয়াই ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রাম শাখাত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত অংশ লোৱা অসমৰ আনকেইগৰাকী ভাৰোত্তোলক হৈছে- ৫৮ কিলোগ্রাম শাখাত ভাবনা গগৈ, ৭১ কিলোগ্ৰাম শাখাত হ...

August 24, 2025 1:07 PM

views 40

৬৪ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছত ৪০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ

■ তামিলনাডুৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৬৪ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাৰ ৪০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অম্লানে কালি ২১ দশমিক ১ - ৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰে। এই শিতানত অনিমেষ কুজুৰে স্বৰ্ণ আৰু ৰাগুল ...

August 24, 2025 1:02 PM

views 73

ডুৰাণ্ড কাপত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ পুনৰ খিতাপ জয়

■ নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ছেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কলকাতাৰ ছৰ্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত কালি দলটোৱে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবক ৬–১ গ'লত পৰাস্ত কৰে। খেলৰ প্ৰথমাৰ্ধত নর্থ ইষ্ট ইউন...