মহিলাৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলটোৱে নামিবিয়াৰ বিৰুদ্ধে ১৩–০ গ’লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে। চিলিৰ ছাণ্টিয়াগ’ত চলি থকা প্ৰতিযোগিতাৰ প্ৰথমখন খেলত বিজয়েৰে ভাৰতৰ দলটো তালিকাৰ শীৰ্ষক উপনীত হৈছে। দলৰ হৈ হিনা বানু আৰু কনিকা চিৱাছে হেট্ৰিক কৰাৰ লগতে সাক্ষী ৰানাই দুটা গ’ল কৰে। বিনিমা ধন, সাক্ষী শুক্লা, সোনম, ঈচিকা আৰু মনীষাই এটাকৈ গ’ল দিয়ে। জ্যোতি সিঙে নেতৃত্ব দিয়া ভাৰতীয় জুনিয়ৰ মহিলা দলটোক আয়াৰলেণ্ড, জার্মানী আৰু নামিবিয়াৰ সৈতে পুল-চিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে কালি অনুষ্ঠিত প্ৰথমখন খেলত জাৰ্মানীয়ে আয়াৰলেণ্ডক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে পুল পৰ্যায়ৰ চূড়ান্ত খেলত কাইলৈ জাৰ্মানীৰ বিৰুদ্ধে আৰু অহা শুকুৰবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ইপিনে তামিলনাডুৰ মাডুৰাইত চলি থকা পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকীত ভাৰতে আজি লীগ পৰ্যায়ৰ চূড়ান্ত খেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৮ বজাত অনুষ্ঠিত হ’ব। ভাৰত আৰু ছুইজাৰলেণ্ড দুয়োটা দলেই পুল-বিৰ এখনো খেলত পৰাজিত হোৱা নাই যদিও গ’লৰ ক্ষেত্ৰত ব্যৱধানৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক তালিকাৰ শীৰ্ষ স্থানত ৰখা হৈছে।
Assamese | December 2, 2025 11:56 AM | FIH Hockey
মহিলাৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপত নামিবিয়াক পৰাস্ত কৰি ভাৰতৰ অভিযান আৰম্ভ