■ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলতো কালি অদমনীয় প্ৰদৰ্শনেৰে উজ্জ্বলি উঠে। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্রণ মর্মে প্রথমে বেট ধৰা ভাৰতে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰান কৰে। হার্দিক পাণ্ডিয়াই ২৮টা বলত ৪টা ৬ আৰু ৬টা চাৰিৰ সহায়ত ৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। প্ৰত্যুত্তৰত আৰম্ভণিৰে পৰা উইকেট হেৰুৱাই বিপদত পৰা দক্ষিণ আফ্ৰিকাই মাত্র ৭৪ ৰানতে ইনিংছ সামৰে। হার্দিক পাণ্ডিয়াক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ পৰৱৰ্তী খেলখন পৰহিলৈ চণ্ডীগড়ৰ মুল্লানপুৰত অনুষ্ঠিত হ’ব।
Assamese | December 10, 2025 12:09 PM | Cricket | India Vs SA | SPORTS | t-20
টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত ভাৰতৰ