খেল

June 17, 2024 12:01 PM

views 44

টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত পাকিস্তানৰ হাতত আয়াৰলেণ্ড তিনি উইকেটত পৰাস্ত

টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাৰ ফ্ল'ৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক তিনি উইকেটত পৰাস্ত কৰে। ১০৭ ৰানৰ লক্ষ্য সমুখত লৈ পাকিস্তানে ১৮ অভাৰ ৫ টা বলত ৭টা উইকেট হেৰুৱাই ১১১ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ অধিনায়ক বাবৰ আজমে ৩২ ৰান কৰি অপৰাজিত হৈ ৰয়। আয়াৰলেণ্ডৰ হৈ বেৰী মেককাৰ্থ...

June 16, 2024 7:51 PM

views 56

এ টি পি চেলেঞ্জাৰ টেনিছৰ ফাইনেলত ভাৰতৰ সুমীত নাগাল আৰু ইটালীৰ লুছিয়ানো ডাৰডেৰী মুখামুখি

ইটালীৰ পেৰুজিয়াত চলি থকা এ টি পি চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি ভাৰতৰ সুমীত নাগাল আৰু ইটালীৰ লুছিয়ানো ডাৰডেৰী মুখামুখী হ'ব। ষষ্ঠ বাছনিৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে কালি অনুষ্ঠিত চেমি ফাইনেলত স্পেইনৰ বাৰনাবে জাপাতা মিৰালেছক ৭-৬, ১-৬, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইপি...

June 16, 2024 7:47 PM

views 76

ভাৰত আৰু দক্ষিণ আফ্ৰিকা মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়া অব্যাহত

বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ২৬৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। আমালৈ বাতৰি অহা পৰলৈকে দক্ষিণ আফ্রিকাই ২২ অভাৰত ৪ টা উইকেট হেৰুৱাই ৭২ ৰান কৰি খেলি আছে। হৰমনপ্রীত কৌৰ...

June 16, 2024 7:44 PM

views 73

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়া অব্যাহত

বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ২৬৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। আমালৈ বাতৰি অহা পৰলৈকে দক্ষিণ আফ্রিকাই ২২ অভাৰত ৪ টা উইকেট হেৰুৱাই ৭২ ৰান কৰি খেলি আছে। হৰমনপ্রীত কৌৰ...

June 16, 2024 1:50 PM

views 68

বিশ্ব চেম্পিয়ন স্পেইন আৰু ইটালীৰ ইউৰো কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ

দুই বিশ্ব চেম্পিয়ন স্পেইন আৰু ইটালীয়ে চলিত ইউৰো কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰিছে। জার্মানীত চলি থকা প্ৰতিযোগিতাখনৰ যোৱা নিশা অনুষ্ঠিত প্ৰথমখন খেলত স্পেইনে ৩-০ গ’লৰ ব্যৱধানত ক্ৰ’ৱেছিয়াক পৰাস্ত কৰে। গ্ৰুপ-বিৰ খেলখনৰ তিনিওটা গলেই খেলৰ প্ৰথমাৰ্ধত হয়। খেলৰ ২৯ মিনিটত আলভাৰ’ মৰাতাই দিয়া...

June 16, 2024 1:34 PM

views 62

চেক গণৰাজ্যত অনুষ্ঠিত গ্রাঁ-প্ৰি ২০২৪ত বক্সাৰ লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক লাভ

অসমৰ অলিম্পিক পদক জয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে চেক গণৰাজ্যত অনুষ্ঠিত গ্রাঁ-প্ৰি ২০২৪ত ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। যোৱা ১২ৰ পৰা ১৫ জুনলৈ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত লাভলীনা চীনৰ লি কিয়ানৰ বিৰুদ্ধে তৃতীয়খন খেলত ২-৩ৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইং...

June 16, 2024 12:56 PM

views 58

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতীয় দলৰ ছুপাৰ -৮ লৈ যোগ্যতা অৰ্জন

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা গ্রুপ পর্যায়ত অপৰাজেয় হৈ থকাৰ লগতে ৭ পইণ্ট লাভ কৰি শীৰ্ষস্থানত উপনীত হৈ ছুপাৰ -৮ লৈ যোগ্যতা অৰ্জন কৰিছে। যোৱা নিশা ভাৰতে নিজৰ চতুৰ্থ তথা অন্তিম লীগ খেলখনত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হয় যদিও বৰষুণৰ বাবে ...

June 15, 2024 2:49 PM

views 49

এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটী

ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটীয়ে ইটালীৰ পেৰুগিয়াত চলি থকা এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত-জার্মানীৰ এই যুটীয়ে আজি সন্ধিয়া হ'বলগীয়া ফাইনেলত মেক্সিকোৰ মিগুৱেল এঞ্জেল ৰেয়েছ-ভাৰেলা আৰু আৰ্জেণ্টিনাৰ গুইড' আন্ড্রেঅজ্জীৰ যুটীৰ...

June 15, 2024 1:55 PM

views 56

ইউৰো কাপ ২০২৪ৰ উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত

ইউৰো কাপ ২০২৪ত মিউনিখৰ এলিয়ানজ এৰিনা ফুটবল ষ্টেডিয়ামত কালি অনুষ্ঠিত উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ'লত পৰাস্ত কৰে। আয়োজক দল জাৰ্মানীৰ হৈ খেলৰ প্ৰথমাৰ্ধত কাই হাভাৰ্টজ, ফ্লৰিয়ান উইটজ আৰু জামাল মুছিয়ালাই এটাকৈ গ'ল দিয়ে। দ্বিতীয়ার্ধত নিক্লাছ ফুলক্রুগ আৰু এমৰে কেনে এটাকৈ গ'ল দিয়ে। স্কট...

June 15, 2024 12:45 PM

views 51

এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত সুমিত নাগল ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সুমিত নাগল ইটালীত অনুষ্ঠিত এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সুমিতে কালি কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ মেক্স কাছনিকোৰ্ত্তিক ৬-৪, ৭- ৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। সুমিত আজি ছেমি ফাইনেলত স্পেইনৰ বৰ্নাবে জপাতা মিৰালেজৰ সন্মুখীন হ'ব।