খেল

June 23, 2024 7:39 PM

views 36

ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে তিনিচুকীয়াৰ শৰৎ মৰাণৰ ভাৰতীয় দলত স্থান লাভ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কুলিবিল গাঁৱৰ শৰৎ মৰাণে ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছে। বিগত ১০ বছৰ ধৰি হেণ্ড বল খেলি অহা মৰানে ভাৰতীয় দলত স্থান লাভ কৰাত পৰিয়াল আৰু গাঁওবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। ইপিনে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে ঘোষণা কৰা ভাৰতী...

June 23, 2024 7:35 PM

views 76

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত আফগানিস্তানৰ বিৰুদ্ধে ২১ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি পুৱা কিংষ্টনত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত আফগানিস্তানে অষ্ট্ৰেলিয়াক ২১ ৰাণত পৰাস্ত কৰে। খেলখনত আফগানিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত পাঁচটা উইকেটৰ বিনিময়ত ১৪৮ ৰাণ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৯ অ’ভাৰ আৰু দুটা বলত...

June 23, 2024 12:12 PM

views 94

বেংগালুৰুত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট দলৰ মাজৰ চলিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিয়লি বেংগালুৰুৰ এম ছিন্নাস্বামী ষ্টেডিমায়ত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোৱে আজিৰ খেলখনত জয় লাভ কৰি শৃংখলাৰ আটাইকেইখন খেলতে বিজয়ী হোৱাৰ গৌৰৱ অৰ্জনৰ বাবে চেষ্টা চলাব। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত দ...

June 23, 2024 12:08 PM

views 64

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৫০ ৰানত জয়

ভাৰতে যোৱানিশা এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত বাংলাদেশক ৫০ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্রখমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৯৫ ৰান কৰে। ভাৰতৰ হৈ হার্দিক পাণ্ডিয...

June 22, 2024 8:53 PM

views 51

তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰ স্বর্ণ পদক লাভ

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীয়ে তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত কম্পাউণ্ড শাখাৰ দলীয় শিতানত স্বর্ণ পদক লাভ কৰিছে। ভাৰতীয় মহিলা দলটোৱে আজি বিয়লি অনুষ্ঠিত ফাইনেলত ইষ্টোনিয়াক ২৩২-২২৯ ফলাফলত পৰাভূত হয়। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এই খেলবৰ্ষত তিনিওটা বিশ্বকাপ...

June 22, 2024 8:51 PM

views 43

স্পেইনৰ টাউষ্টেত অনুষ্ঠিত আই টি এফ ৱ’ৰ্ল্ড ট্যুৰ টেনিছ প্রতিযোগিতাত ভাৰতৰ ৰুতুজা ভোচলে আৰু চীনৰ ফাংগৰাণ টিয়ানৰ খিতাপ অৰ্জন

ভাৰতৰ ৰুতুজা ভোচলে আৰু চীনৰ ফাংগৰাণ টিয়ানৰ যুটিটোৱে স্পেইনৰ টাউষ্টেত অনুষ্ঠিত মহিলাৰ আই টি এফ ৱ’ৰ্ল্ড ট্যুৰ টেনিছ প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। ৰুতুজা আৰু ফাংগৰাণৰ যুটিটোৱে আজি ফাইনেলত অষ্ট্ৰেলিয়াৰ আলানা পাৰ্নাবীৰ আৰু মেক্সিকোৰ ভিক্টোৰিয়া ৰোড্ৰিগুৱেজৰ যুটিটোক ৬-২, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে।

June 22, 2024 7:08 PM

views 56

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ত আজি ভাৰত-বাংলাদেশৰ মেচ

ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ছেমিফাইনেলত প্ৰৱেশ কৰিবৰ বাবে ভাৰতীয় দলটোৱে এই খেলখনত জয়ী হ'বলৈ সৰ...

June 22, 2024 7:06 PM

views 69

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ

আজি পুৱা বাৰবাডোছৰ কেনছিংটন অভেলত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আয়োজক ৱেষ্ট ইণ্ডিজে আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১২৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১০ অভাৰ ৫টা বলতে ১৩০ ৰান কৰি খেলখনত বিজয়ী হয়। দলটোৰ হৈ ছাই হ’পে ৩৯ টা বলত ৮...

June 22, 2024 1:37 PM

views 40

অংকিতা ৰাইনা ডব্লিউ টি এ ভেনেটো অপেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত

ভাৰতৰ অংকিতা ৰাইনা ডব্লিউ টি এ ভেনেটো অপেন টেনিছ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। অংকিতা কালি ইটালীৰ গেইবাত অনুষ্ঠিত প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ ছুছান বেণ্ডেকিৰ হাতত ৪-৬, ৭-৬, ৩-৬ ছেটত পৰাজিত হয়।

June 22, 2024 1:08 PM

views 66

ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জর্জিয়া চেক গণৰাজ্যৰ বিৰুদ্ধে অৱৰ্তীণ

ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জর্জিয়া আৰু চেক গণৰাজ্যৰ মাজত খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া চাৰে ৬ বজাত হামবুর্গত অনুষ্ঠিত হ'ব। ডর্টমুণ্ডত ভাৰতীয় সময় অনুষ্ঠিত নিশা চাৰে ৯ বজাত তুৰস্ক আৰু পৰ্টুগালৰ মাজত আন এখন খেল অনুষ্ঠিত হ'ব আনহাতে ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত কল'...