June 22, 2024 7:06 PM | icc t20 wi and usa

printer

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ

আজি পুৱা বাৰবাডোছৰ কেনছিংটন অভেলত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আয়োজক ৱেষ্ট ইণ্ডিজে আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১২৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১০ অভাৰ ৫টা বলতে ১৩০ ৰান কৰি খেলখনত বিজয়ী হয়। দলটোৰ হৈ ছাই হ’পে ৩৯ টা বলত ৮২ ৰান কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বেট ধৰি ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰে। বেষ্ট ইণ্ডিজৰ ৰ’ষ্টন চেজে তিনিটা উইকেট দখল কৰে আৰু তেওঁ প্লেয়াৰ অৱ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়।