আঞ্চলিক সংবাদ

July 11, 2024 8:21 PM

views 45

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটী ঘোষণা অসম চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু-শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰেও বন্ধ লাভ কৰিব। অত্য...

July 11, 2024 8:17 PM

views 45

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ দেহাৱসান

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ আজি দেহাৱসান ঘটে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী অতুল বৰা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱব একান্ত অনুগামী দেৱ গোস্বামীয়ে অসম...

July 11, 2024 7:21 PM

views 59

নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি

নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি কৰা হৈছে। উদ্যানশস্যৰ বিকাশৰ বাবে উদ্ভাৱনমূলক কাৰ্যসূচী আৰু নীতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে ৰাজ্যখনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ৰাজ্যখনত এনে কাৰ্যসূচী আৰু নীতিয়ে ভালেসংখ্যক খেতি...

July 11, 2024 1:10 PM

views 40

বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বানত ৫জন লোকে প্ৰাণ হেৰুৱাইছে

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। প্ৰায়বোৰ নৈৰ জলস্তৰ হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত ৫জন লোকে প্ৰাণ হেৰুৱায়। এইবাৰৰ বানত ৰাজ্যখনৰ কৃষিভূমি, কৃষি, পুখুৰীৰ লগতে পথ, দলং আৰু কালভার্ট আদি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত পথ যোগাযোগ ব্যাহত হোৱাৰ লগতে পানীৰ সোঁতে বহু দলং ভগা পথ আৰু মথাউৰি উটুৱাই নিয়ে। পৰিস্...

July 11, 2024 1:00 PM

views 50

জনতা ভৱনত কৃষি বিভাগ তথা অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰা কালি জনতা ভৱনত কৃষি বিভাগ তথা অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শস্য উৎপাদনৰ সমীক্ষা সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বান প্রভাৱিত অঞ্চলসমূহৰ কৃষক...

July 11, 2024 12:57 PM

views 47

অমৃত বৃক্ষ আন্দোলন, ২০২৪ সন্দৰ্ভত বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতা

বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি সমাগত অমৃত বৃক্ষ আন্দোলন, ২০২৪ সন্দৰ্ভত এখন বৈঠকত অধ্যক্ষতা কৰে। জনতা ভৱনত আয়োজিত এই বৈঠকখনত সংশ্লিষ্ট সকলো বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

July 11, 2024 12:55 PM

views 59

পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি সম্পৰ্কীয় অন্যান্য দিশ সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ আলোচনা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা তথা পৰিষদৰ অধ্যক্ষ মহেৎ হোজাইকে ধৰি কেইবাগৰাকীও বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি শৈক্ষিক পৰিৱেশ আৰু এই সম্পৰ্কীয় অন্যান্য দিশ ...

July 11, 2024 12:52 PM

views 29

মালুৱা কান্দিগ্রাম অঞ্চলত কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে কালি সন্ধিয়া মালুৱা কান্দিগ্রাম অঞ্চলত অভিযান চলাই এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত উদ্ধাৰ হোৱা মাদক দ্রব্যখিনিৰ মূল্য আনুমানিক ২ কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বদৰপুৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা অ...

July 11, 2024 12:20 PM

views 33

কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাংসদ পৰিমল শুক্লবৈদ্যৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিৰ সৈতে বৈঠক

■ সাংসদ পৰিমল শুক্লবৈদ্যই কালি কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সাংসদগৰাকীয়ে সকলো প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কাছাৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চ...

July 11, 2024 12:12 PM

views 49

ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

● মীন মন্ত্ৰী কেশৱ মহন্তই কালি ৰহাৰ অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্য চৰকাৰৰ মীন বিভাগ তথা নাবাৰ্ডৰ সহযোগত মীন মহাবিদ্যালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যত মীন পালনৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তদুপৰি কৃষকসকলৰ ম...