নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি কৰা হৈছে। উদ্যানশস্যৰ বিকাশৰ বাবে উদ্ভাৱনমূলক কাৰ্যসূচী আৰু নীতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে ৰাজ্যখনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ৰাজ্যখনত এনে কাৰ্যসূচী আৰু নীতিয়ে ভালেসংখ্যক খেতিয়ক আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। নাগালেণ্ডৰ মহিলা সম্পদ উন্নয়ন আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী ছলহ’টুঅ’নুঅ’ ক্রুচে কালি বিয়লি নতুন দিল্লীত আয়োজিত পঞ্চদশ কৃষি নেতৃত্ব সন্মিলনত এই বঁটা গ্ৰহণ কৰে। কেন্দ্ৰীয় পথ পৰিবহণ তথা ঘাইপথ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে।
Assamese | July 11, 2024 7:21 PM | Akashvani News | Assam | nagaland-cabinet
নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি