আঞ্চলিক সংবাদ

July 12, 2024 8:10 PM

views 24

কোকৰাঝাৰত ৩০ জুলাইৰ পৰা ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

কোকৰাঝাৰৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত অহা ৩০ জুলাইৰ পৰা ২৫ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই উপলক্ষে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিটিআৰৰ ৫খন জিলাত আজিৰে পৰা ১৫ জুলাইলৈ ট্ৰফী ভ্ৰমণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে আজি তামুল...

July 12, 2024 8:05 PM

views 21

শিমলিতোলাৰ নাও দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ শিমলিতোলাত সংঘটিত নাও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দুৰ্ঘটনাত পানীত ডুবি নিহত হোৱা পৰিয়ালৰ কাষত উপস্থিত হৈ সমবেদনা জনায় ৷ প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰি লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে।

July 12, 2024 7:54 PM

views 23

প্রধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰৰ ৩৭৮.৬৮ কোটি টকা আৱণ্টন

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ যোগাযোগ আন্তঃগাথনি উন্নয়নৰ বাবে প্রধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩৭৮.৬৮ কোটি টকা আৱণ্টন দিছে। এই পুঁজিৰে ৫৬৩.৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাজ্যৰ ৭৮টা পথ আৰু ১৪খন পকী দলং নিৰ্মাণ কৰা হ'ব। গ্রামোন্নয়ন মন্ত্রালয়ে মোকলাই দিয়া এই ধনৰাশিৰ ফলত ৰাজ্যৰ গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা ...

July 12, 2024 7:48 PM

views 28

কৰিমগঞ্জত বান পৰিস্থিতিৰ পর্যালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বান পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে আজি কৰিমগঞ্জ জিলা ভ্রমণ কৰে। আজি বিয়লিৰ ভাগত মন্ত্ৰীগৰাকীয়ে কৰিমগগঞ্জ চহৰত এটা বান আশ্রয় শিবিৰ পৰিদৰ্শন কৰি জনসাধাৰণৰ সা-সুবিধাৰ বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জ...

July 12, 2024 7:33 PM

views 29

অসমত বর্তমান ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি ক্রমাৎ উন্নত হ'লেও বর্তমানেও ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৮৩টা ৰাজহ চক্ৰৰ দুহেজাৰ ৫৪৫ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। শেহতীয়া...

July 12, 2024 7:27 PM

views 30

চি বি এছ ইত জলদূত কাৰ্যসূচী কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্রীয় মাধ্যমিক শিক্ষা ব'র্ড চমুকৈ চি বি এছ ইয়ে তেওঁলোকৰ অধীনৰ সকলো বিদ্যালয়ত অসম চৰকাৰৰ চিন্তাৰ ফচলস্বৰূপ জলদূত কাৰ্যসূচী কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত চি বি এছ ইৰ শৈক্ষিক বিভাগৰ সঞ্চালকে প্ৰতিখন স্বীকৃতিপ্রাপ্ত বিদ্যালয়ৰ প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত অসম জলজীৱন মিছনক প্...

July 12, 2024 1:05 PM

views 62

শেহতীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৮৩টা ৰাজহ চক্ৰৰ দুহেজাৰ ৫৪৫ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত ৮৪ জন লোকে প্রাণ হেৰু...

July 12, 2024 1:00 PM

views 52

আজি ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত ড'নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে NERACE...

July 12, 2024 12:57 PM

views 50

গোৱালপাৰাৰ শিমলিতোলাত নাও দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যুৰ লগতে দুজন সন্ধানহীন

গোৱালপাৰা জিলাৰ ৰংজুলী থানাৰ অন্তৰ্গত শিমলিতোলাত কালি নাও দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন সন্ধানহীন হৈ আছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে এজন লোকৰ শেষকৃত্য সম্পন্ন কৰি ২০ জন লোক নাৱেৰে ওভতি অহাৰ সময়ত নাওখন পানী বুৰ যায়। ফলত ৫ জন লোক সন্ধানহীন হয়। তিনিজনক উদ্ধা...

July 12, 2024 12:53 PM

views 34

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ আৰু ১০ নৱেম্বৰৰত বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া...