July 12, 2024 12:53 PM | Assam | Assam Govt

printer

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ আৰু ১০ নৱেম্বৰৰত বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া- কৰ্মচাৰীসকলে পৰ্যায়ক্রমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। আনহাতে, বিষয়া-কৰ্মচাৰীসকলে পিতৃ-মাতৃ আৰু শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন বা আন কোনো সময়ত এই ছুটীৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি সামাজিক মাধ্যমযোগে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।