গোৱালপাৰা জিলাৰ ৰংজুলী থানাৰ অন্তৰ্গত শিমলিতোলাত কালি নাও দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন সন্ধানহীন হৈ আছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে এজন লোকৰ শেষকৃত্য সম্পন্ন কৰি ২০ জন লোক নাৱেৰে ওভতি অহাৰ সময়ত নাওখন পানী বুৰ যায়। ফলত ৫ জন লোক সন্ধানহীন হয়। তিনিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে প্ৰসেনজিৎ সাহা, সুজন মালাকৰ আৰু জিৎ কৰ্মকাৰ নামৰ লোক কেইজনক চিকিৎসকে মৃত ঘোষণা কৰে। সন্ধানহীন আন দুজন লোকৰ সন্ধানত এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে।
Assamese | July 12, 2024 12:57 PM | Akashvani | Akashvani News | Goalpara
গোৱালপাৰাৰ শিমলিতোলাত নাও দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যুৰ লগতে দুজন সন্ধানহীন