আঞ্চলিক সংবাদ

December 5, 2025 6:43 PM

views 26

তামুলপুৰত আজি এমহীয়া কাঠফুলাৰ খেতি আৰু মৌ-মাখি পালনৰ প্ৰশিক্ষণ আৰম্ভ

তামুলপুৰ জিলাৰ কাউলিত ২৪ নম্বৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত সীমান্তৱৰ্তী লোকসকলক আত্মনিৰ্ভৰশীল হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আজি এমহীয়া কাঠফুলাৰ খেতি আৰু মৌ-মাখি পালনৰ প্ৰশিক্ষণ আৰম্ভ হয়। ২৪ নম্বৰ সীমা সুৰক্ষা বাহিনী ৰঙিয়াৰ উদ্যোগত জিলাখনৰ বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ প্রশিক্ষার্থীসকলক কম্পিউটাৰ হাৰ্ডৱেৰ,...

December 5, 2025 6:42 PM

views 24

আজিৰে পৰা ডিমা হাচাওত মাৰ জনগোষ্ঠীৰ চিক পুই কই আৰম্ভ

ডিমা হাচাও জিলাৰ মাৰ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত উৎসৱ চিক পুই কই আজিৰে পৰা আৰম্ভ হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উৎসৱ উপলক্ষে সমূহ মাৰ জনগোষ্ঠীৰ লোকক শুভেচ্ছা জ্ঞাপন কৰিছে। এই উৎসৱ শীতকালত প্রায় এমাহ ধৰি পালন কৰা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি জনগোষ্ঠীটোৰ যুৱক-যুৱতীসকলে থালৌৰাম লাম, লামত লাল...

December 5, 2025 6:40 PM

views 53

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি নিৰ্ধাৰিত বিষয়সমূহৰ বাবে অহা ২৮ আৰু ২৯ জানুৱাৰীত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব।

December 5, 2025 6:38 PM

views 44

ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্রশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপ...

December 5, 2025 6:36 PM

views 45

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ১২ ডিচেম্বৰৰ ভিতৰত এছ আই টিৰ অভিযোগনামা দাখিলৰ সম্ভাৱনা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ কৰিছে আৰু ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে এছ আই টিয়ে বৃহৎ সংখ্যক সাক্ষ্য প্রমাণ লাভ কৰ...

December 5, 2025 2:41 PM

views 60

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ’ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানত ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ সৰবৰাহকাৰীক আটক

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ' আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে মিজোৰামৰ আইজলৰ সমীপত অভিযান চলাই যোৱা বুধবাৰে প্ৰায় ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ জন সৰবৰাহকাৰীক আটক কৰে। ইয়াৰে জবৰুল হক নামৰ কৰিমগঞ্জৰ নিবাসীজন এই মাদকদ্রব্য সৰবৰাহ চক্ৰৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই লোকজনৰ বিৰুদ...

December 5, 2025 1:07 PM

views 56

উমৰাংছ’ত জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাচাওৰ উমৰাংছ'ত আজি অসম ক্রিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ষ্টেডিয়ামখন মুকলি কৰিব। সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। প্...

December 5, 2025 2:49 PM

views 49

দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী গ্ৰহণ

● দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি জিলাখনৰ ঠায়ে ঠায়ে বেনাৰ, পোষ্টাৰ আদি লগাই পথ সুৰক্ষা সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ঘন কুঁৱলিৰ ফলত পথসমূহত প্রায়ে দুর্ঘটনা সংঘটিত হয়। এনে সময়তে বন ভোজৰ দলসমূহৰো বহু গাড়ী দুৰ্ঘটনাত পতিত হোৱা দেখা যায়। সেয়েহে জিলাখনৰ পৰিবহন বিষ...

December 5, 2025 2:46 PM

views 52

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ’ব

● ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূৰ্বতে গৃহমন্ত্রী অমিত শ্বাহ এই কার্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্ৰ উদ্বোধন...

December 5, 2025 2:37 PM

views 47

ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ নগাঁও জিলা প্রশাসনৰ

● নগাঁও জিলা প্রশাসনে আজি ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাইছে। প্রশাসনে ৪ খন বুলডজাৰৰ সহায়ত প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰাৰ বাবে অভিযান চলাইছে। এই উচ্ছেদ অভিযান যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰবাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী সাজু কৰি ৰখা হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।