আঞ্চলিক সংবাদ

January 1, 2026 1:33 PM

views 46

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

নৱবৰ্ষৰ প্ৰথম দিনাই অসমবাসীলৈ এটা সুখবৰ। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)য়ে অনুমোদন জনাইছে। অহা শিক্ষাবৰ্ষৰ পৰাই বিশ্ববিদ্যালয় খনত শিলচৰৰ শ্ৰেণী কক্ষত অসমীয়া ভাষাৰ পাঠদান আৰম্ভ হ'ব। বিশ্ববিদ্যালয় খনৰ উপাচার্য অধ্যাপক ডঃ ৰাজীৱ...

January 1, 2026 1:19 PM

views 43

নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যৰ মঠ-মন্দিৰ-ধর্মীয় স্থানত ভক্তৰ ভিৰ; বিভিন্ন অনুষ্ঠানৰ আয়োজন

নৱবৰ্ষৰ আজি পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ আৰু আন আন ধর্মীয় স্থানসমূহত ভক্তসকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। শক্তিপীঠ কামাখ্যা মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, লতাশিল আৰু গণেশগুৰিৰ গণেশ মন্দিৰ, বশিষ্ঠ মন্দিৰকে ধৰি আন আন ধর্মীয় স্থানসমূহতো ভক্তসকলে পূজা-অৰ্চনা আগবঢ়াই বছৰটোলৈ কুশল-ম...

January 1, 2026 1:18 PM

views 53

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে সাজু ক্ৰীড়াজগত

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে আন সকলোৰে দৰে ক্ৰীড়াজগতো সাজু হৈছে। ২০২৬ বৰ্ষটো ক্রীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত আকর্ষণীয় হ'ব। নতুন বছৰটোত নিয়মীয়া প্ৰতিযোগিতাসমূহৰ লগতে চাৰিখন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হ'ব। ৪ বছৰৰ প্ৰতীক্ষাৰ অন্তত এইবাৰ আমেৰিকা, কানাডা আৰু মেক...

January 1, 2026 1:17 PM

views 32

আকাশবাণী গুৱাহাটীৰ শনিবাৰে নিশা ৮.০২ বজাৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত আলোচনা

আকাশবাণী গুৱাহাটীৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্রকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনস্বিনী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰ...

January 1, 2026 1:15 PM

views 31

আকাশবাণী গুৱাহাটীত আজি বিয়লি ৩.০৫ বজাত বিশেষ প্রাসংগিক অনুষ্ঠানত মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথৰ সৈতে সাক্ষাৎকাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসংগিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত মৰিগাঁও জিলাৰ স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ মৰিগাঁও ...

January 1, 2026 1:14 PM

views 39

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা ১১ জানুৱাৰীত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা ১১ জানুৱাৰীত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ...

January 1, 2026 1:08 PM

views 51

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি বছৰৰ পহিলা দিনটোত কেইবাটাও মনোজ্ঞ অনুষ্ঠান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি নৱম দিনা গ্রন্থপ্ৰেমীৰ সমাগম হ'ব বুলি উদ্যোক্তাসকলে আশা প্রকাশ কৰিছে। আজি বছৰৰ প্ৰথম দিন হোৱা হেতুকে প্রতি বছৰৰ দৰে বহু গ্রন্থপ্ৰেমীয়ে নিজৰ...

January 1, 2026 1:06 PM

views 42

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ‘নতুন দিনৰ আলাপ’

প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ‘নতুন দিনৰ আলাপ' শীর্ষক সংবাদমেলত ৰাজ্যৰ বছৰটোৰ খতিয়ান দিয়ে আৰু নতুন বছৰৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। ২০০০ ৰ পৰা ২০০৫ চনলৈ ৪৫ শতাংশ বিকাশ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দেশৰ ভিতৰত অসমৰ অৰ্থনীতিৰ বিকাশ হাৰ সৰ্বাধিক বু...

January 1, 2026 1:05 PM

views 87

নতুন আশা আৰু সম্ভাৱনা লৈ ইংৰাজী ২০২৬ বৰ্ষৰ আজি পহিলা দিন

ইংৰাজী ২০২৬ বৰ্ষৰ আজি পহিলা দিন। নতুন আশা আৰু সম্ভাৱনা লৈ সময়ৰ গণনাত পুনৰ এটা নতুন বছৰ আৰম্ভ হ'ল। পুৰণি বছৰটোৱে কঢ়িয়াই অনা সুখ-দুখ, প্ৰত্যাহ্বান অতিক্ৰমী জনসাধাৰণে নতুন বছৰত নিজক প্ৰতিপন্ন কৰাৰ বাবে চেষ্টা চলাব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো যোৱা মাজনিশা ঘড়ীত ১২ বজাৰ লগে লগে জনসাধাৰণে হর্ষ...

January 1, 2026 1:03 PM

views 40

নৱবৰ্ষ উপলক্ষে জনসাধাৰণলৈ প্রধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

নৱবৰ্ষ উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। প্রধানমন্ত্রী মোদীয়ে নৱবৰ্ষ উপলক্ষে দিয়া এটা বাৰ্তাত ২০২৬ বৰ্ষই সকলোৰে বাবে সু-স্বাস্থ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই অনাৰ লগতে সমাজত সুখ-শান্তি অক্...