আঞ্চলিক সংবাদ

January 9, 2026 11:29 AM

views 65

লখিমপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে ১৩২ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে ৪০ কোটি টকা ব্যয়সাপেক্ষে অসম মালা আঁচনিৰ অধীনত ন- আলিৰ পৰা কলিতাগাঁ...

January 7, 2026 8:58 PM

views 40

অহা ৯ জানুৱাৰীৰ পৰা হ’বলগীয়া চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্রী অশোক সিংহলে

মন্ত্রী অশোক সিংহলে আজি চৰাইদেউ মৈদাম পৰিদৰ্শন কৰাৰ লগতে অহা ৯ জানুৱাৰীৰ পৰা হ'বলগীয়া চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পোৱাৰ পাছত চৰাইদেউ মৈদামৰ গুৰুত্ব বিশ্ব দৰবাৰত বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। লগতে মন্ত্ৰীগৰাকীয়ে আহোম ৰাজত...

January 7, 2026 8:56 PM

views 27

ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচিত পঞ্চায়ত প্রতিনিধিসকলৰ কর্মশালা

ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ দক্ষতা বিকাশৰ জৰিয়তে গ্রামাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচিত প্রতিনিধিসকলৰ এখন কর্মশালা অনুষ্ঠিত হয়। বৰপেটা ৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত আয়োজিত কৰ্মশালাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে ক...

January 7, 2026 8:55 PM

views 23

ধুবুৰী জিলাত কাইলৈ প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত, স্বাস্থ্য সেৱা আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত ধুবুৰী জিলাত কাইলৈ প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ আৰম্ভ হ'ব। ধুবুৰী জিলাৰ মুখ্য স্বাস্থ্য বিষয়াই জনোৱা মতে অভিযান কাইলৈৰ পৰা ২১ জানুৱাৰীলৈ টীকাকৰণ অভিযান চলিব। ১৫ বছৰ ঊৰ্ধৰ সকলো...

January 7, 2026 8:53 PM

views 31

ধেমাজিত অহা ২০ জানুৱাৰীত অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

অহা ২০ জানুৱাৰীত অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলাৰ মাছখোৱাৰ যোৰকটা সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে প্ৰতিবছৰে কেইবাটাও বঁটা প্ৰদান কৰি আহিছে। আকাশবাণীৰ নিয়মীয়া শ্রোতা তথা পত্র লেখক বিশ্বনাথৰ নিগম গাঁৱৰ শৰৎ দুৱৰা, ধেমাজি জিলাৰ মাছখোৱা...

January 7, 2026 8:51 PM

views 52

অহা ১৩ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ’ব ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্রফী

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্রফী অহা ১৩ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ'ব। ক্রীড়া মন্ত্রী নন্দিতা গালোচাই আজি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে । ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশ্বকাপৰ ট্রফি আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লোক কৃষ্টি সংস্কৃতিৰে বিশ্বকাপৰ টুফি ...

January 7, 2026 8:49 PM

views 26

গুৱাহাটীত কাইলৈৰ পৰা দুদিনীয়াকৈ বস্ত্ৰমন্ত্ৰীসকলৰ সন্মিলন

গুৱাহাটীত কাইলৈৰ পৰা দুদিনীয়াকৈ বস্ত্ৰ মন্ত্ৰীসকলৰ সন্মিলন অনুষ্ঠিত হ'ব। এই দুদিনীয়া সন্মিলনখনে নতুন নীতি, বিনিয়োগ, বহনক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনিৰ বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগতভাৱে কৰিব পৰা উন্নয়নৰ দিশসমূহ সামৰি ল'ব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ২০৩০ চনৰ ...

January 7, 2026 8:44 PM

views 32

শিৱসাগৰত আধাৰশিলা ন্যাসৰ উদ্যোগত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ

শিৱসাগৰত আধাৰশিলা ন্যাসৰ উদ্যোগত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬ অনুষ্ঠিত হব। বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে শব্দ, লয় আৰু কলাৰ জৰিয়তে মানৱতাৰ জয়গান গোৱাৰ বাবে এই সাহিত্য উৎসৱ...

January 7, 2026 8:40 PM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিদিনীয়া কাৰ্যসূচীৰে সপ্তম পক্ষী গণনা আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিদিনীয়া কাৰ্যসূচীৰে সপ্তম পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্প এলেকাৰ পূব অসম বন্যপ্রাণী সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল আৰু চাপৰি এলেকাত এই পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষ...

January 7, 2026 8:19 PM

views 32

ঢকুৱাখনাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ, লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি আৰু ঢকুৱাখনা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰাৰম্ভিক মূলধনৰ চেক বিতৰণৰ দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমষ্টি দুটাৰ ৬৮ হাজাৰ ৯৪২ গৰাকী মহিলাক এই আঁচনিয়ে সামৰি লৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্রমণতে লখিমপুৰ জিলাত ২৯৮ কোটি টকা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।