ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ দক্ষতা বিকাশৰ জৰিয়তে গ্রামাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচিত প্রতিনিধিসকলৰ এখন কর্মশালা অনুষ্ঠিত হয়। বৰপেটা ৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত আয়োজিত কৰ্মশালাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে কেইবাগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে। তেওঁলোকে পঞ্চায়তৰ সমস্যাৰাজিৰ বুজ লৈ সমাধানৰ ব্যৱস্থা কেনেদৰে গ্ৰহণ কৰিব লাগে সেই বিষয়ে প্রতিনিধিসকলক অৱগত কৰে। কৰ্মশালাত দিয়া ভাষণত মন্ত্রী শ্রীদাসে গ্রামাঞ্চলৰ ৰাইজৰ সমস্যাৰ বুজ লৈ সেই অনুসৰি আঁচনি ৰূপায়ন কৰিবলৈ প্রতিনিধিসকলক পৰামৰ্শ দিয়ে।
Assamese | January 7, 2026 8:56 PM | bhabanipur
ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচিত পঞ্চায়ত প্রতিনিধিসকলৰ কর্মশালা