আঞ্চলিক সংবাদ

January 7, 2026 8:18 PM

views 27

প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান; মুখ্যমন্ত্ৰীৰ লগতে বিভিন্নজনৰ শোকপ্ৰকাশ

প্রাক্তন কেন্দ্রীয় মন্ত্রী কবিন্দ্ৰ পুৰকায়স্থৰ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। ৯৫ বছৰ বয়সত মৃত্যু হোৱা প্ৰয়াত পুৰকায়স্থ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৩১ চনৰ ১৫ ডিচেম্বৰত অবিভক্ত অসমৰ শ্ৰীহট্ট জিলাৰ কমাৰশালত জন্মগ্ৰহণ কৰা পুৰকায়স্থৰ পৰিয়ালে পৰৱৰ্তী কা...

January 7, 2026 8:16 PM

views 38

ৰাজ্যত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহযোগ কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্বঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহযোগ কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আজি ধেমাজিত উদ্যমিত অভিযানৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অবৈধ নাগৰিকৰ নাম...

January 7, 2026 1:24 PM

views 44

ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্রত্যাখ্যান

অসমৰ ছটা জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি প্রদান কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে। মন্ত্রীগোটৰ আহ্বায়ক ডা০ ৰণোজ পেণ্ডক সমিতিৰ নেতৃবর্গই কালি সাক্ষাৎ কৰি এই সন্দৰ্ভত চূড়ান্ত আপত্তি আৰু পৰামৰ্শাবলী দাখিল কৰে। সমন্বয়ৰক্ষী সমিতি...

January 7, 2026 1:20 PM

views 28

বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ মুখ্যমন্ত্রীক পত্রযোগে আবেদন

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যই আগশাৰীৰ অধিবক্তা লৈ বিশেষ দল গঠন কৰাৰ লগতে বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীক পত্রযোগে আবেদন জনাইছে। এই পত্রত অভিযুক্তসকলৰ প্ৰতিজনে নিজৰ সুৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু ...

January 7, 2026 1:14 PM

views 55

লখিমপুৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাত ২৯৮ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ঢকুৱাখনা বিধানসভা সমষ্টিত আয়োজিত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। দিনৰ ১ বজাত ঘিলামৰা ব্লক ফিল্ডত আয়োজিত এটা অনুষ্ঠানত ...

January 6, 2026 12:51 PM

views 46

ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে বিজেপি চৰকাৰৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বোকাখাতত উপস্থিত হৈছে। বোকাখাতৰ জেনেৰেল ষ্টেডিয়ামত আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী...

January 6, 2026 12:44 PM

views 48

শিৱসাগৰত কালিৰেপৰা ১ জানুৱাৰীলৈ সদৌ অসম ভিত্তিত শিশু ভাওনা প্রতিযোগিতা অনুষ্ঠিত

শিৱসাগৰ জিলাৰ জাঁজী মৰাণছিগাৰ মহাভৈৰৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু মৰাণছিগাবাসীৰ সহযোগত কালিৰেপৰা ১ জানুৱাৰীলৈ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত শিশু ভাওনা প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি পুৱা পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, প্রতিযোগিতাৰ আসন প্রতিষ্ঠা, শৰাই অর্পণ, কীর্তন...

January 6, 2026 12:42 PM

views 37

জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীৰ পৰা গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্রদর্শন হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা কালি ঘোষণা কৰা হয়। মহোৎ...

January 6, 2026 12:41 PM

views 38

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন ক'টিশ্বৰ সিং আৰু ন্যায়াধীশ বিজয় বিষ্ণয়, আইন আৰু ন্যায় ৰা...

January 6, 2026 12:39 PM

views 74

অসম গ্ৰন্থ মেলাৰ আজি সামৰণি অনুষ্ঠানত ৰণোজ পেগুৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থ মেলাৰ আজি সামৰণি পৰিব। অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰ গ্ৰন্থমেলাত গ্রন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্রয়োদশ দিনা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।