গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ’ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্রদর্শন হ’বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা কালি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শ্বোকিৰ খুলিক’ভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্র চানডে প্ৰদৰ্শন কৰা হ’ব। আলৰেজা ঘাছেমি আৰু ৰাহা আমিৰ ফজলীৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্র ইন দ্য লেণ্ড অব ব্ৰাডাৰ্ছৰ প্ৰদৰ্শনীৰে এই মহোৎসৱৰ সামৰণি পৰিব। এই অনুষ্ঠানত কিম্বদন্তী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰিশ কাছাৰাৱল্লিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
Assamese | January 6, 2026 12:42 PM | Jyoti chitrabaon
জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীৰ পৰা গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ