অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থ মেলাৰ আজি সামৰণি পৰিব। অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰ গ্ৰন্থমেলাত গ্রন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্রয়োদশ দিনালৈ গ্রন্থমেলাত মুঠ ৬ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্রী হয় বুলি উদ্যোক্তাসকলে প্রকাশ কৰিছে। আজি বিয়লি আঢ়ৈ বজাত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে লেখক সাহিত্যিক অৰূপ কুমাৰ দত্ত, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়া ৫ বজাত গ্ৰন্থমেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হ’ব।
Assamese | January 6, 2026 12:39 PM | Assam Book Fair
অসম গ্ৰন্থ মেলাৰ আজি সামৰণি অনুষ্ঠানত ৰণোজ পেগুৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ