কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিদিনীয়া কাৰ্যসূচীৰে সপ্তম পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্প এলেকাৰ পূব অসম বন্যপ্রাণী সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল আৰু চাপৰি এলেকাত এই পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে এই বিষয়ে প্ৰকাশ কৰে। পক্ষী গণনাৰ বাবে ১২৬ খন বিলৰ সমীপত বন বিভাগৰ বিষয়া-কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে প্রায় ৭০ গৰাকী পক্ষী বিশেষজ্ঞই গণনাত অংশ লৈছে। বিগত বছৰৰ গণনাত উদ্যানখনত ১২৪টা প্ৰজাতিৰ মুঠ ১ লাখ ১২ হাজাৰ ৬২টা পক্ষী থকাৰ তথ্য পোৱা গৈছিল। চলিত বছৰত বান আৰু বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে কেইবাটাও বিল মেটেকাৰে ভৰি পৰিছে। ইয়াৰ ফলত কেইটামান বিলত পক্ষী গণনা কৰিব পৰা হোৱা নাই। অৱশ্যে পক্ষীবিদসকলে গণনাত কেইবাটাও দুষ্প্রাপ্য প্ৰজাতিৰ চৰাইৰ সন্ধান লাভ কৰিছে। ২ ফেব্ৰুৱাৰীত এই গণনাৰ ফলাফল ঘোষণা কৰা হ’ব।
Assamese | January 7, 2026 8:40 PM | kaziranga bird
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিদিনীয়া কাৰ্যসূচীৰে সপ্তম পক্ষী গণনা আৰম্ভ